মুখ্য-পৃষ্ঠা

ছত্তীশগড়ত কংগ্ৰেছ কৰ্মীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত জ্যেষ্ঠ সাংবাদিক…

asomiyapratidin

ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ বস্তৰ এলেকাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সমাজ সেৱক কমল শুক্লাক কৰা হয় প্ৰহাৰ। অভিযোগ অনুসৰি, শাসনাধীস্থ কংগ্ৰেছৰ কৰ্মীয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীক প্রথমে গালি-গালাজ কৰাৰ পাছত মাৰপিট কৰে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, আৰক্ষী থানাৰ সন্মুখতে এই ঘটনা সংঘটিত হোৱা সময়তে উক্ত স্থানত উপস্থিত থাকে আৰক্ষীৰ লোকো।

উল্লেখ্য যে, ৰাজ্যখনৰ কোটৱালী থানাত শনিবাৰে কংগ্ৰেছৰ কৰ্মী আৰু এদল গুণ্ডা বাহিনীয়ে প্ৰহাৰ কৰা আন এগৰাকী সাংবাদিকক লগ কৰিবলৈ যোৱা সময়ত এই ঘটনা সংঘটিত হয়। প্ৰথমে শুক্লাই পূৰ্বে পীড়িত সাংবাদিকগৰাকী আৰু আন কেইজনমানৰ সৈতে মিলি অভিযুক্তৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰে। কিন্তু থানালৈ গৈ পোৱাৰ পূৰ্বেই সেই স্থানত উপস্থিত হয়গৈ কংগ্ৰেছৰ কৰ্মী তথা গুণ্ডাবাহিনীৰ ৩০০ জনকৈ লোক।

তাৰপাছত স্থানীয় নেতা গণেশ তিৱাৰীয়ে সাংবাদিক শুক্লাক গালি-গালাজ পাৰে। আৰু তাৰপাছত তেওঁক প্ৰহাৰ কৰে। এই ঘটনাত মূৰত গুৰুতৰভাৱে আঘাত পায় সাংবাদিকগৰাকীয়ে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এখন এফ আই আৰ দাখিল কৰা হৈছে।