মুখ্য-পৃষ্ঠা

নিৰ্ভীক আৰু সাহসী সাংবাদিক কামাল খানৰ বিয়োগঃ দেশজুৰি শোকৰ ছাঁ….

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত তিনিটা দশকে সংবাদ সেৱাৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা নিৰ্ভীক সাংবাদিক কামাল খান আৰু নাই। শুকুৰবাৰে পুৱা মৃত্যুক সাৱটি লয় নিৰ্ভীক তথা বলিষ্ঠ সাংবাদিকগৰাকীয়ে। হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱা লক্ষ্ণৌস্থিত নিজৰ বাসগৃহত মৃত্যু হয় কামাল খানৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এন ডি টি ভিৰ সাংবাদিক কামাল খান পুৱাই হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক হাস্পাতাললৈ লৈ যোৱা হৈছিল যদিও হাস্পাতালত তেওঁক মৃত ঘোষণা কৰে। ইয়াৰ পিছতে এই খবৰ প্ৰকাশ পোৱা সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পৰিছে। দেশৰ নিৰ্ভীক আৰু অতি সাহসী সাংবাদিক হিচাপে পৰিচিত কামাল খানৰ বাতৰিয়ে ৰাজনৈতিক, সামাজিক মহলত প্ৰভাৱ বিস্তাৰ কৰিছিল।

কামাল খানৰ মৃত্যুত দেশৰ সাংবাদ জগতৰ বহু আগশাৰীৰ সাংবাদিকৰ লগতে ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে। জেষ্ঠ সাংবাদিক আলোক পাণ্ডে, বিবেক গুপ্তাৰ লগতে, সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ সিং যাদৱস প্ৰিয়ংকা গান্ধী, জ্যোতিৰাদিত্য সিন্ধিয়া আদিয়ে শোক প্ৰকাশ কৰিছে।