লাহোৱাল মহাবিদ্যালয়ত সাংবাদিকতাৰ কৰ্মশালা
লাহোৱাল মহাবিদ্যালয়ত সাংবাদিকতাৰ কৰ্মশালা 
মুখ্য-পৃষ্ঠা

লাহোৱাল মহাবিদ্যালয়ত সাংবাদিকতাৰ কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ,দুলীয়াজানঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল মহাবিদ্যালয়ত সাংবাদিকতাৰ কৰ্মশালা। ৰাজ্যৰ সাংবাদিক সংগঠনসমূহৰ ভিতৰত এটা অন্যতম সাংবাদিক সংগঠন যুৱ সাংবাদিক সন্থা,অসম আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত মহাবিদ্যালয়খনিৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰৰ পৰা দহদিনীয়া এখনি সাংবাদিকতাৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ।

আজি শুভাৰম্ভণি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকটকী ,প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ,মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্ত,মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জেহেৰুদ্দিন আহমেদ,যুৱ সাংবাদিক সন্থা,অসমৰ সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইকে প্ৰমুখ্যে কৰি মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ সহ অধ্যাপক অধ্যাপিকা সকলো উপস্থিত থাকে ।

মহাবিদ্যালয়খনৰ সমাজতত্ব বিভাগৰ সহ অধ্যাপিকা মিৰান্দা চেতিয়াই আঁত ধৰা আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড°জ্যোতিপ্ৰসাদ দত্তই উদ্দেশ্যে বাখ্যা কৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলনৰে শুভ উদ্ধোধন কৰে অইল ইণ্ডিয়াৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকটকীয়ে। প্ৰশান্ত বৰকটকীয়ে ভাষণৰ প্ৰসংগতে কয় যে সংবাদ মাধ্যমৰ ক্ষেত্ৰখন খুবেই সুন্দৰ কিন্তু এই ক্ষেত্ৰখন আজিকালি দুৰ্বল হোৱা পৰিলক্ষিত হৈছে ৷ এনে মূহুৰ্ত্তত এই সাংবাদিকতাৰ কৰ্মশালাখনিৰ জৰিয়তে কৰ্মশালাখনত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট উপকৃত হ’ব বুলি আশা কৰিব পাৰি ”৷

আজিৰ পৰা শুভাৰম্ভ হোৱা সাংবাদিকতাৰ কৰ্মশালাখনিত প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি প্ৰথম দুদিনৰ সূচী অনুযায়ী সাংবাদিকতাৰ পাতনি আৰু সংবাদ মাধ্যমৰ ধাৰণা ,সংবাদ মাধ্যম কেনেকৈ পৰিচালিত হয়,মিডিয়া হাউছৰ গাঁথনি ,প্ৰিন্ট বা ইলেক্ট্ৰনিক মাধ্যমত সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহ ,বৃত্তি হিচাপে সাংবাদিকতা ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত পাঠদান প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।

তদুপৰি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰা ,সমুদ্ৰ গুপ্ত কাশ্যপ ,নিলয় ভট্টাচাৰ্য,শোণিত কুমাৰ ভূঞা,শান্তনু মহন্ত ,ড° কুমুদ দাস ,ছাঁয়ামণি ভূঞাকে ধৰি গুৱাহাটী বিশ্ববিদ্যালয়,তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণমাধ্যম বিভাগৰ কেইবাগৰাকীও অধ্যাপক উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷