মুখ্য-পৃষ্ঠা

জোনাইত কোৰোনা মুক্ত পঞ্চায়ত গঢ়াৰ শ্লগানেৰে সজাগতা সভা…

asomiyapratidin

ডিজিটেল সংবাদ,জোনাইঃ সমগ্ৰ দেশৰ লগতে অসমটো অতিমাৰী কোৰোনা ভাইৰাছৰ দ্বিতীয়টো লহৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমা প্ৰশাসন তথা 'মানুহে মনুহৰ বাবে' এন জি অ'ৰ উদ্যোগত আৰু পঞ্চায়ত প্ৰতিনিধি, বিভিন্ন দল-সংগঠনৰ সহযোগত মহকুমাটোৰ বিভিন্ন পঞ্চায়তত সপ্তাহজোৰা কাৰ্যসূচীৰে ক'ভিড-19ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সজাগতামূলক সভাৰ আয়োজন কৰে। এই উপলক্ষে কালি পুৱা দহ বজাত ৰায়াং বিজয়পুৰ আৰু জোনাই পঞ্চায়তক সামৰি ৰতকে মুৰংঘৰত, বাৰ বজাত বাহিৰ জোনাই আৰু চিলে পঞ্চায়তক সামৰি চিলে সমূহীয়া ভবনত আৰু বিয়লি দুই বজাত কেমি-জেলম পঞ্চায়তক সামৰি আদিটাক মুৰংঘৰত সজাগতা সভা অনুষ্ঠিত কৰা হয়।

উক্ত সজাগতা সভাসমূহত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতি, অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম কুমাৰ দাস, নয়নমণি দত্ত, গায়ত্ৰী পাতিৰ, মনোজ কুমাৰ দত্ত, জোনাই মহকুমা স্বাস্থ্য বিষয়া ডা: কিশোৰ কুমাৰ কামান, মুৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া ঈশ্বৰ প্ৰশন্ন চুতীয়া, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, পূব জোনাই মণ্ডল বিজেপিৰ সভাপতি আদিত্য বৰুৱা, জোনাই পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি আৰু 'মানুহে মানুহৰ বাবে" এন জি অৰ সভাপতি তথা সাংবাদিক দিগন্ত লৃচাং পেগু, গোবিন টায়ুঙৰ লগতে আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, গাঁওবুঢ়া আৰু নেতৃস্থানীয় ৰাইজে উপস্থিত থাকে।

ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে ক'ভিডৰ সম্ভাব্য তৃতীয়টো ঢৌত শিশুসকল অধিকভাৱে আক্ৰান্ত হোৱাৰ আশংকাৰ বিষয়ে ব্যক্ত কৰি ক'ভিড-19 সংক্ৰমণ প্ৰতিৰোধৰ বাবে কঠোৰভাৱে স্বাস্থ্য বিধি মানি চলিবলৈ ৰাইজক আহ্বান জনায়। তদুপৰি তেওঁ ক'ভিড-19 ভেকচিন ল'লে ভৱিষ্যত সুৰক্ষিত নহয় বুলি প্ৰচাৰ কৰা সকলক চিনাক্ত কৰি প্ৰয়োজনত আইনী ব্যৱস্থা লোৱা হ'ব বুলিও সদৰী কৰে। জোনাই মহকুমা স্বাস্থ্য বিষয়া ডা: কিশোৰ কুমাৰ কামানে সভাত উপস্থিত থাকি সকলো নাগৰিক ক'ভিড-19 ৰ ভেকচিন ল'বলৈ আহ্বান জনায়। তদুপৰি ডা: কিশোৰ কুমাৰ কামানে জোনাই মহকুমাৰ গ্ৰামাঞ্চলত ক'ভিড-19 ৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি সদৰী কৰি ক'ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ক'ভিড পৰীক্ষা কৰা, সঘনাই হাত ধুৱা, শাৰীৰিক দূৰত্ব বজাই ৰখাৰ লগতে অন্যান্য স্বাস্থ্য বিধি মানি চলিবলৈ ৰাইজক আহ্বান জনায়।