মুখ্য-পৃষ্ঠা

দিব্যাংগ, ক’ভিড আক্ৰান্ত, ৮০ বছৰ উৰ্দ্ধৰ ভোটাৰৰ পষ্টেল বেলটৰ সুবিধা…

asomiyapratidin

ডিজিটেল সংবাদ, জোনাই : জোনাই মহকুমাধিপতিৰ তথা জিলা নিৰ্বাচনী বিষয়া জিমলি শইকীয়া কাকতিয়ে এক সংবাদমেলত যোগে জনাইছে যে সমাগত অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচন আয়োগে জাৰি কৰা৮০ বছৰ ঊৰ্ধ্বৰ ভোটাৰ, দিব্যাংগ আৰু ক'ভিড আক্ৰান্ত ভোটাৰ বাবে পষ্টেল বেলটৰ সুবিধা ১১৪ নং জোনাই বিধানসভা সমষ্টিটো ব্যবস্থা কৰা হৈছে।

৮০ বছৰ ঊৰ্ধ্বৰ ভোটাৰ, দিব্যাংগ আৰু ক'ভিড আক্ৰান্ত ভোটাৰসকলে পষ্টেল বেলটৰ যোগে ভোট দান কৰিব বিচাৰিলে তেওঁৰ লোকে সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। ৰিটাৰাণিং বিষয়াৰ কাৰ্যালয়ত কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ দ্বাৰা প্ৰদত্ত উপযুক্ত প্ৰমাণ পত্ৰৰ সৈতে 12 (ডি) নং আবেদন পত্ৰ দাখিল কৰিব পাৰিব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ইচ্ছুক ৮০ বছৰ ঊৰ্ধ্বৰ ভোটাৰ, দিব্যাংগ আৰু ক'ভিড আক্ৰান্ত ভোটাৰসকলে আবেদন দাখিলৰ অন্তিম তাৰিখ ৬ মাৰ্চ। উক্ত শ্ৰেণীৰ ভোটাৰসকলক ঘৰে ঘৰে গৈও সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়াসকলকে ১২( ডি) নং আবেদন পত্ৰ প্ৰদান কৰিছে। পিছত আবেদন পত্ৰসমূহ বুথ পৰ্যায়ৰ বিষয়াই তেওঁলোকৰ পৰা সংগ্ৰহ কৰিব। আবেদন পত্ৰ আৰু প্ৰয়োজনীয় সংলগ্ন নথি পত্ৰ আৰু ভোটাৰ তালিকা পৰীক্ষাৰ পিছত পষ্টেল বেলট বিতৰণ আৰু সংগ্ৰহৰ পূৰ্বে ১২ (ডি) নং আবেদন পত্ৰত পূৰণ কৰা ম'বাইল নম্বৰত এছ এম এছৰ জৰিয়তে যোগাযোগ কৰিব।

পিছত প'লিং বিষয়াই তেওঁলোকৰ ঘৰলৈ গৈ ভোট গ্ৰহণ কৰিব। ক'ভিড আক্ৰান্ত ভোটাৰে স্বাস্থ্য বিষয়াই প্ৰদান কৰা প্ৰমাণ পত্ৰ আবেদন পত্ৰৰ লগত গাঁঠি দিব লাগিব। লগতে এনে পষ্টেল বেলটৰ ভোট দানৰ সময়ত ভিডিঅ ৰেকৰ্ডিং কৰা হ'ব। জোনাই মহকুমাধিপতি তথা জিলা নিৰ্বাচনী বিষয়া জিমলি শইকীয়া কাকতিয়ে ইচ্ছুক ৮০ বছৰ ঊৰ্ধ্বৰ ভোটাৰ, দিব্যাংগ আৰু ক'ভিড আক্ৰান্ত ভোটাৰসকলক পষ্টেল বেলটৰ যোগে ভোটদান সুকলমে সম্পন্ন কৰাত সকলোৰে সহযোগিতা কামনা কৰিছে।