মুখ্য-পৃষ্ঠা

ভুৱা ডিগ্ৰী গোচৰত উচ্চ ন্যায়ালয়ে কৰিলে অযোগ্য ঘোষণা, দিল্লীৰ ত্ৰিনগৰ সমষ্টিৰ পৰা জীতেন্দ্ৰ সিঙৰ পৰিৱৰ্তে পত্নীক টিকট দিলে AAP-এ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভুৱা ডিগ্ৰী দাখিল গোচৰত দিল্লীৰ ত্ৰিনগৰ বিধানসভা সমষ্টিৰ আম আদমী পাৰ্টীৰ বৰ্তমানৰ বিধায়ক তথা ২০২০ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জীতেন্দ্ৰ সিং তোমাৰৰ প্ৰাৰ্থিত্ব নাকচ কৰিছে দলীয় নেতৃত্বই। বিধানসভা সমষ্টিটোৰ পৰা এইবাৰৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে জীতেন্দ্ৰ সিং তোমাৰৰ পৰিৱৰ্তে তেওঁৰ পত্নী প্ৰীতি তোমাৰক টিকট প্ৰদান কৰিছে।

উল্লেখ্য যে, ২০১৫ চনত ত্ৰিনগৰ সমষ্টিৰ পৰা জয়লাভ কৰি কেজৰিৱাল মন্ত্ৰীসভাত আইনমন্ত্ৰী হিচাপে শপত লৈছিল জীতেন্দ্ৰ সিং তোমাৰে। বিধানসভা নিৰ্বাচনৰ সময়ত নিজকে ল' ডিগ্ৰীধাৰী বুলি মনোনয়ন পত্ৰত উল্লেখ কৰিছিল জীতেন্দ্ৰ সিং তোমাৰে। পৰৱৰ্তী সময়ত তদন্তত তেওঁৰ এই ডিগ্ৰী ভুৱা বুলি প্ৰমাণ হোৱাত ২০১৫ চনৰ জুন মাহত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয় জীতেন্দ্ৰ সিং তোমাৰে।

ইফালে শুকুৰবাৰে ভুৱা ডিগ্ৰী গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি জীতেন্দ্ৰ সিং তোমাৰক অযোগ্য ঘোষণা কৰে। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে আম আদমী পাৰ্টীয়ে দলৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাৰ্থিত্ব প্ৰত্যাশী জীতেন্দ্ৰ সিং তোমাৰৰ টিকট নাকচ কৰি পত্নী প্ৰীতি তোমাৰক প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত লয়। ত্ৰিনগৰ সমষ্টিৰ পৰা আম আদমী পাৰ্টীৰ প্ৰাৰ্থীৰূপে সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে প্ৰীতি তোমাৰে।