মুখ্য-পৃষ্ঠা

JEE Main 2020 পৰীক্ষাৰ ফলাফল প্ৰকাশ, এশ শতাংশ লাভেৰে শীৰ্ষত ৯ শিক্ষাৰ্থী…

asomiyapratidin

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হৈছে জে ই ই মেইন, ২০২০ পৰীক্ষাৰ ফলাফল। সমগ্ৰ দেশৰ মুঠ ৮.৬৯ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হোৱা এই পৰীক্ষাত এইবাৰ ৮ ৰাজ্যৰ ৯ গৰাকী শিক্ষাৰ্থীয়ে এশ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই শিক্ষাৰ্থী কেইজনৰ ভিতৰত দুগৰাকী ৰাজস্থান, দুগৰাকী অন্ধ্ৰপ্ৰদেশ আৰু দুগৰাকী তেলেংগানাৰ শিক্ষাৰ্থী আছে। আনহাতে দিল্লী, গুজৰাট আৰু হাৰিয়ানাৰ একোগৰাকীকৈ শিক্ষাৰ্থীয়েও জে ই ই মেইন পৰীক্ষাত লাভ কৰিছে এশ শতাংশ নম্বৰ।

অহা ৩১ জানুৱাৰীত পৰীক্ষাৰ ফলাফল প্ৰকাশৰ তাৰিখ ঘোষণা কৰিছিল এনটিএ-য়ে। কিন্তু তাৰ পূৰ্বেই এনটিএ-য়ে জে ই ই মেইন, ২০২০ৰ ফলাফল প্ৰকাশ কৰিবলৈ সক্ষম হয়। পৰীক্ষাত দিল্লীৰ নিশান্ত আগৰৱাল, গুজৰাটৰ নিসৰ্গ চড্ডা, হাৰিয়ানাৰ দিব্যাংশু আগৰৱাল, অন্ধ্ৰপ্ৰদেশৰ জীতেন্দ্ৰ আৰু তথৱৰ্তী বিষ্ণু শ্ৰী সাই শংকৰ, ৰাজস্থানৰ অখিল জৈন আৰু পাৰ্থ দ্বিবেদী আৰু তেলেংগানাৰ ৰংগলা অৰুণ সিদ্ধাৰ্থ আৰু চাগৰী কৌশল কুমাৰ ৰেড্ডীয়ে এশ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

প্ৰণিধানযোগ্য যে, ২০২০ বৰ্ষৰ জে ই ই মেইন পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৯.৬৯ লাখ পৰীক্ষাৰ্থী। ইয়াৰে ৬.০৬ লাখ পুৰুষ, ২.৬৪ লাখ মহিলা আৰু ৩ গৰাকী ট্ৰান্সজেণ্ডাৰ পৰীক্ষাৰ্থী আছিল। জে ই ই মেইন পৰীক্ষাত এইবাৰ অসমৰ ঈষাণ দত্তই ৯৯.৯৩ শতাংশ নম্বৰেৰে অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, জে ই ই মেইন পৰীক্ষাৰ মাধ্যমৰে দ্বাদশ উত্তীৰ্ণ শিক্ষাৰ্থীসকলে দেশৰ প্ৰতিষ্ঠিত আভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰৱেশৰ সুযোগ লাভ কৰে। জে ই ই মেইনত ভাল ফলাফল কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলে জে ই ই এডভান্স পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পায়। যাৰ জৰিয়তে তেওঁলোকে আই আই টিত নামভৰ্তি কৰিব পাৰে। জে ই ই মেইনত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে বি. ই, বি. টেক, বি. আৰ্চ, বি. প্লেন আদি পাঠ্যক্ৰমতো প্ৰৱেশৰ সুবিধা লাভ কৰে।