মুখ্য-পৃষ্ঠা

জয়পুৰ বিমান বন্দৰৰ পৰা হেৰাইছিল নিৰ্বাচনী আয়ুক্তৰ বেগ

asomiyapratidin

ডিজিটেল ডেস্কঃ জয়পুৰ বিমান বন্দৰত এক বেয়া অভিজ্ঞতাৰ সন্মুখীন হ'ল দেশৰ নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা। দুদিনীয়া ভ্ৰমণ সূচীৰে ৰাজস্থানলৈ গৈছিল দুগৰাকী নিৰ্বাচনী আয়ুক্ত আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত অ' পি ৰাৱাট।

বিমান বন্দৰত উপস্থিত হৈয়ে সুনীল আৰোৰাই গম পালে তেওঁৰ বেগটো চুৰি হৈছে। এই খবৰ পোৱাৰ পাছতেই বিমান বন্দৰত গৈ উপস্থিত হয়গৈ জয়পুৰ আৰক্ষী আয়ুক্ত সঞ্জয় আৰোৰা। পিচে নিৰ্বাচনী আয়ুক্তগৰাকীৰ বেগৰ সন্ধান বহু সময়লৈকে পোৱা নাছিল।

পিছত বহু বিচৰাত বেগৰ সন্ধান ওলাল। তেওঁৰ বেগটো তেওঁ যাবলগা গাড়ীখনৰ বিপৰীতে বেলেগ এখন গাড়ীত উঠাই দিয়া হৈছিল। পিছত নিৰ্বাচন আয়ুক্তগৰাকীক পাছত চমজাই দিয়ে বেগটো।