মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰৰ সংঘৰ্ষস্থলীত কি পৰিৱেশে বিৰাজ কৰিছে…

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে এক ভয়াৱহ পৰিবেশে বিৰাজ কৰিছিল পুলৱামাত। সেনা-আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলে পুলৱামাৰ পুংগিলামত এক বৃহৎ এলেকা বেৰি আৰম্ভ কৰিছিল দেওবাৰৰ নিশাৰ পৰাই অভিযান। এই অভিযান এতিয়ালৈকে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা অন্যতম এক বৃহৎ অভিযান আছিল। ১৪ ফেব্ৰুৱাৰীত চিআৰপিএফৰ ৭৮খন গাড়ীৰ কনভয় গৈ থকা অৱস্থাত স্কৰপিঅ'ৰে অহা এজন আত্মঘাতী বোমাৰুৱে চলাইছিল ভয়াৱহ বিস্ফোৰণ। য'ত নিহত হৈছিল ৪৬জনকৈ সেনা-চিআৰপিএফৰ জোৱান।

তাৰপাছতেই সেনাৰ বৃহৎ দলটোৱে উক্ত অঞ্চলত এই ঘটনাৰ মাষ্টাৰ মাইণ্ড আব্দুল ৰছিদ গাজীসহ কেবাটাও সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা খবৰ লাভ কৰিয়েই অভিযানৰ পাতনি মেলিছিল। অভিযানত সেনাৰ মেজৰসহ চাৰিজন জোৱান মৃত্যু হোৱাৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন হেড কনিষ্টবলো নিহত হয়।

ইফালে, এই সংঘৰ্ষত গাজীয়ে আত্মগোপন কৰি থকা এটা অট্টালিকা চূৰ্ণ-বিচূৰ্ণ হৈ পৰে সেনাৰ আক্ৰমণত। লগতে সংঘৰ্ষস্থলীত সূত্ৰপাত হয় অগ্নিকাণ্ড। সমগ্ৰ অঞ্চলটো পৰুৱা এটাও সৰকিব নোৱাৰাকৈ নিছিদ্ৰ নিৰাপত্তা গঢ়ি তুলিছিল অভিযানকাৰী দলটোৱে। অভিযানত মুঠ ৩টাকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।