মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ জোৰদাৰ অভিযান

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আজিও অভিযান অব্যাহত ৰাখিছে সেনাই। বুধবাৰে এখন ট্ৰাকত উঠি অহা সন্ত্ৰাসবাদীয়ে ধাৰাসাৰ গুলিবৰ্ষণ কৰিছিল।

এটা ফৰেষ্ট গাৰ্ডৰ চাউনীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে মুকলিকৈ গুলিবৰ্ষণ কৰাৰ পাছত সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখিছিল সেনাই। সেনাৰ চোৰাংচোৱা সূত্ৰ অনুসৰি সেই অঞ্চলটোত আৰু অধিক সন্ত্ৰাসবাদী লুকাই আছে।

ৰাজ্যখনৰ ঝাজ্জৰ কোটলী অঞ্চলত কোনো বাহিৰৰ যান-বাহন প্ৰৱেশ কৰিব দিয়া নাই সেনাই। সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখি সেনাই অব্যাহত ৰাখিছে অভিযান।