মুখ্য-পৃষ্ঠা

স্বাভাৱিক হৈছে কাশ্মীৰ, সোমবাৰৰ পৰা খুলিব স্কুল-কলেজ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বিলুপ্ত ৰাৰ পাছত লাহে লাহে সামান্য হ'বলৈ ধৰিছে পৰিস্থিতি। জম্মু-কাশ্মীৰত জাৰি কৰা নিষেধাজ্ঞা সমূহো প্ৰায় আঁতৰাই দিয়া হৈছে। তদুপৰি কেন্দ্ৰীয় শাসিত প্ৰদেশখনৰ বিভিন্ন প্ৰান্তত ফোনৰ যোগাযোগো প্ৰদান কৰা হ'ব শুকুৰবাৰৰ নিশালৈ।

ইফালে সোমবাৰৰৰ পৰা বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহো খোলা হ'ব।জম্মু-কাশ্মীৰৰ মুখ্য সচিব বি ভি আৰ সুব্ৰমনিয়মে এক সংবাদমেলত এই কথা ঘোষণা কৰে।তেওঁ সংবাদমেলত কয় যে, কাশ্মীৰত অধিক সংখ্যক ফোনৰ ব্যৱস্থা এই সপ্তাহৰ শেষৰ ভাগলৈ পুনৰব্যাহত কৰাৰ লগতে সোমবাৰলৈ বিদ্যালয়সমূহো খোলা হ'ব।

মুখ্য সচিবগৰাকীয়ে লগতে কয়- শুকুৰবাৰে চৰকাৰী কাৰ্যালয়সমূহত সামান্যৰূপত কাম-কাজ চলে আৰু কাৰ্যালয়ত কৰ্মচাৰীসকলো উপস্থিত থাকে। ৫ আগষ্ট, ২০১৯তনিষেধাজ্ঞা জাৰি কৰা হৈছিল । আৰু তেতিয়াৰে পৰা বৰ্তমানলৈ কোনো লোক হতাহতো হোৱানাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কাশ্মীৰৰ সংবাদ মাধ্যমৰ ওপৰত জাৰি কৰানিষেধাজ্ঞা আঁতৰোৱাৰ বাবে দিয়া আৱেদনৰ শুনানিৰ সময়ত কেন্দ্ৰ চৰকাৰে সৰ্বোচ্চন্যায়ালয়ক কয় যে, আগন্তুক কিছুদিনৰ ভিতৰত কাশ্মীৰৰ পৰা নিষেধাজ্ঞাসমূহ আঁতৰাই দিয়াহ'ব।