মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ নগৰপালিকা নিৰ্বাচনৰ ভোটগ্ৰহণ

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে জম্মু কাশ্মীৰত অনুষ্ঠিত হৈছে নগৰপালিকা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ১৩ জিলাৰ ৩৮৪টা ৱাৰ্ডত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ১০৯৫ জন প্ৰাৰ্থীয়ে নিজ প্ৰাৰ্থিত্ব আগবঢ়াইছে এই নিৰ্বাচনত।

ইতিমধ্যে ৬৫জন প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। ইয়াৰে ৬১ গৰাকী প্ৰাৰ্থী কাশ্মীৰ উপত্যকাৰ। ইফালে সন্ত্ৰাসবাদজৰ্জৰ অঞ্চলত ৭০টাকৈ ৱাৰ্ডত কোনো লোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। সোমবাৰে অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত সৰ্বোচ্চ জম্মুৰ ৰাজাৱৰী ৱাৰ্ডত ভোটদান হৈছিল। ঠিক তেনেদৰে কাশ্মীৰত মাত্ৰ ৭ শতাংশ মানুহেহে ভোটদান কৰিছিল। বুধবাৰে ১০ বজাৰ পৰ্যন্ত ভোটদান কৰা লোকৰ পৰিমাণ এনেধৰণৰ-

 ২০০৫চনৰ পাছত ১৩বছৰৰ মূৰত এই নগৰপালিকা নিৰ্বাচন অনুষ্ঠিত হৈছে। সন্ত্ৰাসবাদীয়ে ভোটদানৰ পৰা জম্মু-কাশ্মীৰবাসীক বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰাৰ বিপৰীতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ভোটগ্ৰহণ কেন্দ্ৰবোৰত।