মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত উৰিল ত্ৰিৰংগা, শ্ৰীনগৰত পতাকা উত্তোলন কৰিলে ৰাজ্যপালে…

asomiyapratidin

ডিজিটেল ডেস্কঃ কটকটীয়া নিৰাপত্তাৰ মাজত জম্মু-কাশ্মীৰত উদযাপন কৰা হ'ল স্বাধীনতা দিৱস। জম্মু-কাশ্মীৰৰ সমষ্ট বিৰোধী নেতৃত্ব গৃহবন্দী, চৰকাৰী নিষিদ্ধতাৰ মাজতে ৰাজধানী শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে ৭৩ সংখ্যক স্বাধীনতা দিৱস।

ৰাজধানী শ্ৰীনগৰৰ পৰা মহকুমা পৰ্যায়লৈকে বিস্তৃত কাৰ্যসূচীৰে সমগ্ৰ জম্মু-কাশ্মীৰত উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। ইতিমধ্যে জম্মু-কাশ্মীৰ এলেকাত সকলো নিষিদ্ধতা প্ৰত্যাহাৰ কৰা হৈছে যদিও, শ্ৰীনগৰকে কাশ্মীৰ উপত্যকাত অব্যাহত আছে চৰকাৰী নিষেধাজ্ঞা।

এনে পৰিস্থিতিৰ মাজতে জম্মু-কাশ্মীৰত ৰাজ্যপাল সত্যপাল মালিকে প্ৰথমবাৰৰ বাবে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা। অনুষ্ঠানত উপস্থিত থকা সকলো জনতাই 'ভাৰত মাতা কী জয়' ধ্বনি দিয়া পৰিলক্ষিত হয়। উল্লেখ্য যে, পুৱা ৯.৩০ বজাৰ পৰা শ্ৰীনগৰত আৰম্ভ হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী।