মুখ্য-পৃষ্ঠা

আকৌ আহিছে জম্মু-কাশ্মীৰৰ পৰা বেয়া খবৰ! আই ই ডি বিস্ফোৰণত বিধ্বস্থ চি আৰ পি এফৰ বাহন…

asomiyapratidin

ডিজিটেল ডেস্কঃ আকৌ পুলৱামা সদৃশ কাণ্ড সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল। সন্ত্ৰাসবাদীয়ে সোমবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত পুনৰ চি আৰ পি এফৰ এটা কনভয়ক আক্ৰমণৰ লক্ষ্য কৰি লয়। এই আক্ৰমণত চি আৰ পি এফৰ বাহনখনৰ সন্মুখৰ ভাগ প্ৰায় চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছে।

স্থানীয় সূত্ৰই জানিবলৈ দিয়া মতে, এৰিহল নামৰ অঞ্চলত ২৪ ৰাষ্ট্ৰীয় ৰাইফলৰ এখন বাহনক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে এটা আই ই ডি বিস্ফোৰণ সংঘটিত কৰে। এই বিস্ফোৰণত ৫জন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।

ফটোঃ প্ৰতিদিন ডিজিটেল ডেস্ক

ইয়াৰ পাছতেই নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি চলি আছে। উল্লেখযোগ্য যে, পাকিস্তানে ইছলামাবাদত থকা ভাৰতীয় উচ্চায়ুক্তক পুলৱামাত পুনৰ আক্ৰমণ হ'ব পাৰে বুলি তথ্য যোগান ধৰাৰ পাছতেই এই আক্ৰমণৰ ঘটনা সংঘটিত হয়।

জম্মু-কাশ্মীৰত ক্ষতিগ্ৰস্ত হোৱা চি আৰ পি এফৰ বাহনখন… (ফটোঃ প্ৰতিদিন ডিজিটেল ডেস্ক)

জানিব পৰা মতে, আহত সকলৰ ৫জনৰেই আৱস্থা সংকটজনক। তেওঁলোকক শ্ৰীনগৰৰ ৯২ বেটছ সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে, এই বিস্ফোৰণৰ পাছতেই হোৱা সংঘৰ্ষত চি আৰ পি এফৰ দলটোলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰিছে।