মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হৈছে তিনিজন সন্ত্ৰাসবাদী। LOCৰ সমীপৱৰ্তী কপৱাৰা জিলাৰ ঠাংধৰ ছেক্টৰত শনিবাৰৰ নিশা এই সংঘৰ্ষ হয়। এটা সন্ত্ৰাসবাদীৰ দলে অনুপ্ৰৱেশ কৰিবই চেষ্টা কৰোতেই ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ দলটোক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।

উল্লেখযোগ্য যে, যোৱা কিছুদিন ধৰি সন্ত্ৰাসবাদী  দলে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই আহিছে। তাৰ সমান্তৰালকৈ শনিবাৰে উৰি ছেক্টৰত পাক সেনাই যুদ্ধবিৰতি উলংঘন কৰি ভাৰতীয় সেনালৈ লক্ষ্য কৰি লঘু অস্ত্ৰ-শস্ত্ৰৰে গুলীবৰ্ষণ কৰে। এই ঘটনাত অৱশ্যে কোনো হানি-বিঘিনী হোৱা নাই ভাৰতৰ।

ইয়াৰ পূৰ্বে ১৭ আগষ্টত পুলবামা জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন তিনিজন লোক আহত হৈছিল। সীমান্তৰ লগতে সমগ্ৰ ৰাজ্যখনতে এতিয়া সেনা আৰু আৰক্ষীয়ে অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।