মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত শনিবাৰে আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীবৰ্ষণত নিহত হয় ৭জনকৈ নিৰীহ লোক। ইফালে, দুই পক্ষৰ সংৰ্ঘষত এজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে নিহত হয় ৩টা সন্ত্ৰাসবাদী। আৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি- নিৰাপত্তাবাহিনীয়ে চোৰাংচোৱাৰ এক সূত্ৰ অনুসৰি, পুৱা ভাগ সিৰ্ণু গাঁৱত সেনাৰ পৰা পলায়ন কৰা জহুৰ আহমেদ ঠোকেৰসহ ৩টা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা খবৰ লাভ কৰে।

তাৰপাছতেই সমগ্ৰ অঞ্চলটো নিৰাপত্তাবাহিনী আৰু আৰক্ষীয়ে ঘেৰাও কৰে। লগতে বিষয়াগৰাকীয়ে কয় যে- ঠোকেৰ আত্মগোপন কৰি থকা গাঁওখনৰেই নিবাসী। যেতিয়া আৰক্ষী আৰু নিৰাপত্তাবাহিনীয়ে উক্ত স্থানত অভিযান চলাই তেতিয়া সেই খবৰ সমগ্ৰ অঞ্চলটোত বিয়পি পৰে, যাৰফলত গাঁওবাসীয়ে সেই অভিযান চলোৱা স্থানত আহি ভিৰ কৰেহি। দুয়ো পক্ষৰ এই সংঘৰ্ষ ২৫ মিনিটলৈ চলে। সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে শ্বহীদ হয় এজন জোৱান।

লগতে তেওঁ কয় যে, তেওঁলোকে গাঁওবাসীক সকীয়াই দিছিল যদিও গঞা ৰাইজে উক্ত স্থানত ভিৰ কৰেহি। নিৰাপত্তাবাহিনীয়ে সেয়েহে গুলীচালনা কৰিবলৈ বাধ্য হ'ল য'ত ৭জনকৈ লোক নিহত হোৱাৰ লগতে কেবাজনো আহত হয়। আহত লোককেইজনৰ ভিতৰত এজন যুৱকৰ অৱস্থা অতি সংকটজনক।

উল্লেখ্য যে, ঠোকেৰ যোৱা বছৰৰ জুলাইত উত্তৰ কাশ্মীৰৰ বাৰামুল্লাৰ গন্তমু্লা এলেকাৰ সেনা শাখাৰ পৰা পলায়ন কৰিছিল। ঠোকেৰে ছাৰ্ভিচ ৰাইফল আৰু ৩টা মেগজিন লগত লৈ সন্ত্ৰাসবাদী সংগঠনত যোগ দিছিল বুলিও জানিবলৈ দিয়ে নিৰাপত্তাবাহিনীয়ে।