মুখ্য-পৃষ্ঠা

পুৱাই জম্মু-কাশ্মীৰত শ্বহীদ ২ ভাৰতীয় সেনা জোৱান, প্ৰাণ গ’ল এজন লোকৰো…

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰতখন অশান্ত কৰি ৰখাৰ কুটিল ষড়যন্ত্ৰ ৰচিছে পাকিস্তানে। শেহতীয়াকৈ সীমান্তৰ বিভিন্ন স্থানত পাক সেনাই যুদ্ধবিৰতি উলংঘন কৰাৰ বাবে সেনাৰ লগতে প্ৰাণ গৈছে সাধাৰণ নাগৰিকৰো। শেহতীয়াকৈ দেওবাৰে পুৱা জম্মু-কাশ্মীৰৰ তঙ্গধাৰ সীমান্তত পুৱাৰে পৰা পাক সেনাই কৰা গুলীবৰ্ষণত প্ৰাণ গল ২ ভাৰতীয় সেনা জোৱানৰ।

প্ৰাপ্ত খবৰ অনুসৰি এই গুলীবৰ্ষণত প্ৰাণ হেৰুৱাইছে এজন সাধাৰণ নাগৰিকেও। পুৱতি নিশাতে ভাৰতীয় সেনাৰ চাউনীক লক্ষ্ কৰি পাক সেনাই কৰা ধাৰাসাৰ গুলীবৰ্ষণত ধ্বংস হৈছে ভাৰতীয় সেনাৰ কেইবাটাও চাউনী। পাক সেনাৰ এই কাণ্ডৰ পাছতে উচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাইও।