মুখ্য-পৃষ্ঠা

বিদেশ ভ্ৰমণলৈ ওলোৱা প্ৰাক্তন আইএএছ বিষয়াক বিমান বন্দৰৰ পৰাই উভতাই পঠিয়ালে আৰক্ষীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিদেশ যাত্ৰাৰ বাবে জম্মু-কাশ্মীৰৰ পৰা আহি দিল্লী বিমান বন্দৰত উপস্থিত হোৱা প্ৰাক্তন আইএএছ বিষয়া তথা বৰ্তমান জম্মু-কাশ্মীৰৰ ৰাজনৈতিক নেতা শ্বাহ ফৈজলক বুধবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পিছত নেতাগৰাকীক দিল্লী আৰক্ষীয়ে পুনৰ শ্ৰীনগৰলৈ উভতাই পঠায়। জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ নেতাগৰাকীয়ে ইনস্তানবুললৈ যোৱাৰ বাবে বিমান বন্দৰত উপস্থিত হৈছিল।

উল্লেখ্য যে, ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বিলুপ্তি ঘটাই দ্বিখণ্ডিত কৰি কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাক লৈ ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰিছিল শ্বাহ ফৈজলে। তাৰ পিছতে সুৰক্ষা অধিনিয়মৰ অধীনত নেতাগৰাকীক নিজ বাসগৃহতে নজৰবন্দী কৰি ৰখা হয়।

জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সমালোচনা কৰি শ্বাহ ফৈজলে ছ'চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছিল যে কাশ্মীৰত ৰাজনৈতিক অধিকাৰ বাহাল ৰাখিবলৈ এক অহিংসক ৰাজনৈতিক জন আন্দোলন গঢ়ি তোলাৰ আৱশ্যক। তেওঁ লিখিছিল, 'কাশ্মীৰৰ পৰা ধাৰা ৩৭০ উঠাই লোৱাৰ পিছত ৰাজ্যখনৰ প্ৰকৃত অস্তিত্বই শেষ গৈ গৈছে। সংবিধান মূল্যহীন হৈ পৰিছে। গতিকে এনে সময়ত হয়তো আপুনি কট্টৰপন্থী হ'ব পাৰে অথবা সন্ত্ৰাসবাদীৰ পথ বাচি ল'ব পাৰে।'

নেতা গৰাকীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে প্ৰশাসনে নেতাগৰাকীক গৃহ নজৰবন্দী কৰে। জম্মু-কাশ্মীৰৰ পৰিস্থিতিক লৈ বিতৰ্কিত মন্তব্য কৰা শ্বাহ ফৈজলৰ উপৰিও প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতী আৰু ওমৰ আব্দুল্লাকো গৃহ নজৰবন্দী কৰি ৰখা হৈছে।