মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত জেহাদৰ ভাবুকি পাক সমৰ্থিত জে ই এমৰ!

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বিলুপ্তি ঘটাই ৰাজ্যখনৰ বিশেষাধিকাৰ কৰ্তন কৰাৰ পিছত ভাৰতক লৈ পাকিস্তানৰ অসন্তুষ্টি বৃদ্ধি পাইছে। ব্যৱসায়ীক, কূটনৈতিক আদি ইটোৰ পিছত সিটো সম্পৰ্ক ভাৰতৰ সৈতে ছেদ কৰিছে পাকিস্তানে। আনকি জম্মু-কাশ্মীৰক লৈ ভাৰতৰ ওপৰত ক্ষোভ ব্যক্ত কৰি ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনটোত পাকিস্তানে পালন কৰিলে ক'লা দিৱস।

পাকিস্তানৰ পিছত জম্মু-কাশ্মীৰক লৈ ভাৰতক ভাবুকি প্ৰদান কৰিবলৈ উদ্যত হৈছে পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি সন্ত্ৰাসবাদী সংগঠনটোৱে পাক অধিকৃত মুজাফ্ফৰাবাদত জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ উঠাই লোৱাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু জম্মু-কাশ্মীৰত 'জেহাদ' সৃষ্টিৰ ভাবুকি দিয়ে।

খবৰ অনুসৰি, জেইএমে সাব্যস্ত প্ৰতিবাদত কয়, 'সংবিধানৰ ধাৰা ৩৭০, ৩৫এ বিলুুপ্তিৰ পিছত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া বহু আগতেই লোৱা উচিত আছিল। কিন্তু আমি নিৰাশ নহও। এতিয়া হিন্দুস্তানৰ সৈতে এক যুদ্ধ হওক। এতিয়া প্ৰতিবাদ, শ্ল'গান, জিন্দাবাদ, মুৰ্দাবাদেৰে একো নহয়। শব্দৰ বিপৰীতে এতিয়া একশ্যন লোৱাটো অধিক গুৰুত্বপূৰ্ণ। ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিবলৈ আমি সাজু আছো।'

ইফালে জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছত ৰাজ্যখনত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা পূৰ্বৰে পৰাই কৰিছে প্ৰশাসনে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৪০ হাজাৰ অতিৰিক্ত নিৰাপত্তাৰক্ষীক মোতায়েনৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে। অন্যফালে ঈদৰ সময়তো ৰাজ্যখনত কূটাঘাতৰ আশংকা কৰি ঠায়ে ঠায়ে গঢ়ি তোলা হৈছিল কঠোৰ নিৰাপত্তা। ৰাজ্যখনৰ কাশ্মীৰ ঘাটীকে আদি কৰি বিভিন্ন প্ৰান্তত এতিয়াও ১৪৪ ধাৰা জাৰি হৈ আছে।