মুখ্য-পৃষ্ঠা

ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী অ’ডিয়ে স্কুটীত মাৰিলে খুন্দা, ৩০ ফুট দূৰৈত পৰিলগৈ আৰোহী… চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ জয়পুৰত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী বাহনে খুন্দিয়াই এজন স্কুটী আৰোহীক। বাহনখনৰ খুন্দাত বহু দূৰত বাগৰি পৰে স্কুটী আৰোহীগৰাকী।

দৰাচলতে শুকুৰবাৰে জয়পুৰৰ জেডিএট্ৰেফিক পইন্টত সংঘটিত হয় এই ঘটনা। এখন স্কুটীয়ে পথটো পাৰ হ'বলৈ আগুৱাই গৈ থকাসময়তে এখন তীব্ৰবেগী ক'লা ৰঙৰ অ'ডি বাহনে বাওঁফালৰ পৰা খুন্দা মাৰে স্কুটীখনত।খুন্দা লগাৰ পাছতেই স্কুটী আৰোহীগৰাকী প্ৰায় ৩০ ফুট দূৰৈত বাগৰি পৰে। আৰু এই সমগ্ৰঘটনা বন্দী হয় ট্ৰেফিক পইন্টটোত থকা চিচি টিভি কেমেৰাত।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকজনক ভৰ্তি কৰা হয় স্থানীয় হাস্পতালত। ইফালে, আৰক্ষীয়ে জনায় যে, বাহনখন ইতিমধ্যে জব্দ কৰাৰ লগতে সিদ্ধাৰ্থ শৰ্মা নামৰ চালকজনক আটক কৰা হৈছে। লগতে জনায় যে- দুৰ্ঘটনা সংঘটিত কৰি বাহনখন পলাবলৈ সক্ষম হৈছিল যদিও আৰক্ষীয়ে তালাচী চলাই চালকজনক আটক কৰে।

উল্লেখ্য যে, উক্ত ট্ৰেফিক পইন্টটোত একেটা সপ্তাহৰ ভিতৰতে এইটোদ্বিতীয়টো দুৰ্ঘটনা। মঙলবাৰেও ট্ৰেফিক পইণ্টটোত ৰৈ থকা দুখন বাইকত এখন বাহনেখুন্দিয়াইছিল। এই দুৰ্ঘটনাত দুজন ভাতৃৰ মৃত্যু হৈছিল আৰু এগৰাকী মহিলাসহ আহত হৈছিল৩জনকৈ লোক।