মুখ্য-পৃষ্ঠা

কৰুণ ঘটনা! ছেলফী ল’বলৈ গৈ নদীত পৰি মৃত্যু কিশোৰীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ট্ৰ'ক জিলাত দেওবাৰে পুৱা সংঘটিত হয় কৰুণ ঘটনা। পুৱা ভাগত এটা নদীবান্ধৰ কাষত গৈ এটি কিশোৰীয়ে ছেলফী লৈ থকা সময়তে নদীত বাগৰি পৰাৰ পাছত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ চেষ্টা চলাওঁতেই পিতৃ-মাতৃৰো মৃত্যু হয়।

স্থানীয় আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয় যে, গলৱা বান্ধৰ কাষত চিমেন্টেৰে নিৰ্মাণ কৰা ৰেম্পত ছেলফী লবলৈ লওঁতেই কিশোৰীগৰাকীৰ ভৰি পিচল খাই নদীত পৰে। কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে গৈ নদীত পৰি মৃত্যু হয় পিতৃ-মাতৃৰো। লগতে আৰক্ষীয়ে জনাই যে, বান্ধটোৰ কাষতে উদ্ধাৰ হৈছে স্কুটী, দুটা মোবাইল, মাস্ক আৰু চেণ্ডেল।