মুখ্য-পৃষ্ঠা

শ্বোলেত ‘ছুৰমা ভোপালী’ৰ চৰিত্ৰত অভিনয় কৰা বলিউডৰ জনপ্ৰিয় অভিনেতা জগদ্বীপৰ দেহাৱসান…

asomiyapratidin

ডিজিটেল ডেস্কঃ বলিউডৰ এগৰাকী জ্যেষ্ঠ কমেডিয়ান অভিনেতা জগদ্বীপৰ দেহাৱসান। বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুৰ পাছতে সমগ্ৰ বলিউডত এক শোকৰ ছাঁ পৰা দেখা গৈছে। বহু কেইগৰাকী বলিউডৰ অভিনেতা-অভিনেত্ৰী, প্ৰযোজক, পৰিচালকে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

৮১ বছৰ বয়সীয়া জ্যেষ্ঠ অভিনেতা গৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিলে। বলিউডৰ কেইবাখনো ছুপাৰহিট ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰা এই অভিনেতাগৰাকীৰ আটাইতকৈ বেছি মনত ৰখা চৰিত্ৰটো আছিল শ্বোলে ছবিখনৰ 'ছুৰমা ভোপালী'।

প্ৰায় ৪০০খন ছবিত কাম কৰা জগদ্বীপৰ প্ৰকৃত নাম আছিল ছৈয়দ ইস্থিফাক আহমেদ জাফৰী। ১৯৩৯চনৰ ২৯ মাৰ্চত জন্মগৰ্হ কৰা এই অভিনেতাগৰাকীয়ে আৰম্ভণিতে শিশু অভিনেতা ৰূপে কাম কৰিছিল। বিআৰ চোপ্ৰাৰ ছবি 'আফচানা'ত প্ৰথম বাৰলৈ অভিনয় কৰা গৈছিল জগদ্বীপক।

তাৰপাছত দিল্লী দূৰ নহী, মুন্না, আৰ পাৰ, দৌ বিঘা জমিন আৰু হম পাঁচ এক ডাল কেক ধৰি বহু কেইখন ছবিত অভিনয় কৰিছিল তেওঁ। ২০১২চনলৈ অভিনয় জগতখনৰ সৈতে জড়িত থকা এই দিগ্বজ অভিনেতাগৰাকীৰ মৃত্যু বলিউডৰ বাবে এক অপূৰণীয় ক্ষতি।