মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ IED বিস্ফোৰণ, নিহত ১, আহত ২ সেনা জোৱান

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে এটাৰ পিছত এটাকৈ কূটাঘাত সংঘটিত কৰি থকাৰ মাজতে দেওবাৰে অখনুৰ চেক্টৰত ভাৰতীয় সেনাক লক্ষ্য কৰি পুনৰ এক আইইডি বিস্ফোৰণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে।

দেওবাৰে সন্ধিয়া অখনুৰ চেক্টৰত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আইইডি বিস্ফোৰণ ভাৰতীয় সেনাৰ ৩জন জোৱান আহত হয়। আহত জোৱান কেইজনক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদীয়ে অখনুৰ চেক্টৰত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰিয়েই এই বিস্ফোৰণ সংঘটিত কৰিছিল।

ইফালে চিকিৎসাধীন অৱস্থাত এগৰাকী সেনা জোৱানৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।