মুখ্য-পৃষ্ঠা

বিনা কাৰনত ঘৰৰ পৰা বাহিৰ হ’লে ২৫ হাজাৰ টকাৰ জৰিমনা, ক’ত ?…

asomiyapratidin

ডিজিটেল ডেস্কঃ চীনৰ পাছতে কোৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে ইটালীত। বৰ্তমান লৈকে ইটালীত ১০০০ ৰো অধিক ব্যক্তি নিহত হোৱাৰ লগতে ১৫ হাজাৰো অধিক লোক ভাইৰাছবিধত আক্ৰান্ত হৈছে। কোৰোনাৰ এনে সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইটালী চৰকাৰে গ্ৰহণ কৰিছে বহুকেইটা কঠোৰ প্ৰদক্ষেপ।

ইটালীত বাস কৰা এগৰাকী প্ৰৱাসী ভাৰতীয়ই জনোৱা অনুসৰি, ইটালীত বিনা কাৰনত ঘৰৰ পৰা বাহিৰ হ'লেই কোনো নাগৰিকে ভৰিব লাগিব জৰিমনা। এই জৰিমনাৰ পৰিমাণ হৈছে ৩০০ ইউৰো অথাৎ প্ৰায় ২৫ হাজাৰ টকা।

ৰাজস্থানৰ এই প্ৰৱাসী ভাৰতীয়গৰাকীয়ে লগতে জনায় যে, জনসাধাৰণক সজাগ-সচেতন কৰাৰ উদ্দেশ্যে প্ৰশাসনে আহ্বান বিভিন্ন পন্থা গ্ৰহণ কৰিছে। তেওঁ লগতে জনায়, নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহ বজাৰ কৰিবলৈ হলেও এক প পত্ৰ পূৰণৰ ব্যৱস্থা কৰা হৈছে। সেই পত্ৰত ঘৰৰ পৰা ওলোৱাৰ কাৰন উল্লেখ থাকিব।