মুখ্য-পৃষ্ঠা

অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ গুগুল মিটৰ জৰিয়তে অন্তৰংগ আলাপ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাই ২৫ জুনৰ বিয়লি গুগুল মিটৰ জৰিয়তে সাহিত্যিক শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰীৰ সৈতে এটি অন্তৰংগ আলাপৰ আয়োজন কৰে। মুম্বাই সাহিত্য সভাৰ সভাপতি সুৰাইয়া জাহানে আমন্ত্ৰিত অতিথি অনুৰাধা শৰ্মা পূজাৰীক আন্তৰিক সম্ভাষণ জনাই তেখেতৰ কৰ্মৰাজিৰ বিষয়ে শ্ৰোতা দৰ্শকক অৱগত কৰে।

মুম্বাই সাহিত্য সভাৰ উপ সভাপতি ৰুমা হাজৰিকাই সভাৰ আঁত ধৰি শৰ্মা পূজাৰীৰ জীৱন আৰু সাহিত্যিক যাত্ৰাৰ বিষয়ে এটি থুলমুল আভাস দিয়ে। শৰ্মা পূজাৰীয়ে দৰ্শক শ্রোতাৰ নানা প্ৰশ্নৰ উত্তৰ দি কয় যে, " কিতাপ পঢ়াৰ ধাউতি, ছবি অঁকা আদি অভ্যাস ঘৰুৱা প্ৰভাৱৰ পৰাই হয় ; মানুহ আৰু প্ৰকৃতিৰ সৈতে থকা ঘনিষ্ঠতাই সকলো বিষয়তে উদগনি জনায়"।

মুম্বাই সাহিত্য সভাৰ প্ৰচাৰ সচিব দেৱীকা বৰপূজাৰীয়ে শৰ্মা পূজাৰীৰ এখন জনপ্ৰিয় উপন্যাস 'মেৰেং 'ৰ ওপৰত এটি চমু পৰ্যালোচনা দাঙি ধৰে। কাৰিকৰী দিশত সহায়ৰ হাত আগবঢ়ায় মুম্বাই সাহিত্য সভাৰ সদস্যা দীক্ষা খাটনীয়াৰে।