মুখ্য-পৃষ্ঠা

১৫ ডিচেম্বৰৰ পৰা আৰম্ভ নহয় আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা…

asomiyapratidin

ডিজিটেল ডেস্কঃ লাহে লাহে কোভিডৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰনক লৈ চিন্তিত হ'বলৈ ধৰিছে ভাৰতৰ সৰ্বসাধাৰণ লোক। ১৫ ডিচেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হ'বলগীয়া সিদ্ধান্ত পুনৰ সলনি কৰিবলগীয়া হৈছে। অমিক্ৰ'নৰ বাবে কৰিবলগীয়া হৈছে এনে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভাগীয় বিষয়াসমূহক এই বিষয়ে পুনৰ বিবেচনা কৰিবলৈ ইতিমধ্যে কৈছে।

ডায়ৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যনৰ তৰফৰ পৰা জাৰি কৰা এক জাননীত কোৱা হৈছে যে – 'বিশ্বজুৰি সলনি হোৱা পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি আমি তীক্ষ্ণ নজৰ ৰাখিছো। আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সন্দৰ্ভত পুনৰ বিতংভাৱে আলোচনা কৰি আমি এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহ শীঘ্ৰেই ৰাজহুৱা কৰিম।

উল্লেখ্য যে, শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্রধানমন্ত্ৰীক উদ্দেশ্যি কৰিছিল এক টুইট। এই টুইটটোত তেওঁ লিখিছিল যে – প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কোভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰনত আক্ৰান্ত হৈ থকা দেশসমূহৰ পৰা ভাৰতলৈ আহিবলগীয়া বিমান সমূহৰ সেৱা বন্ধ কৰিব লাগে।