মুখ্য-পৃষ্ঠা

মহাবিদ্যালয়ত দৈনিক গাব লাগিব ৰাষ্ট্ৰীয় সংগীত! ৰাজ্য চৰকাৰে দিছে নিৰ্দেশ

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৯ ফেব্ৰুৱাৰীৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক গাব লাগিব ৰাষ্ট্ৰীয় সংগীত। মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে দিছে এই নিৰ্দেশ। কোনো মহাবিদ্যালয়ে এই নিৰ্দেশ অমান্য কৰিলে সন্মুখীন হ'ব শাস্তিৰ। বাধ্যতামূলক এই নিয়ম প্ৰৱৰ্তন কৰাৰ কথা বুধবাৰে ঘোষণা কৰিছে ৰাজ্যখনৰ মন্ত্ৰী উদয় সামন্তে।

তেওঁ সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মহাৰাষ্ট্ৰ চৰকাৰে এই নিয়ম বাধ্যতামূলক কৰিব। সকলো মহাবিদ্যালয়তে ১৯ ফেব্ৰুৱাৰীৰ পৰা গাব লাগিব ৰাষ্ট্ৰীয় সংগীত। উল্লেখ্য যে, ইতিপূৰ্বে কেবাখনো ৰাজ্য চৰকাৰে এনেধৰণৰ বিভিন্ন নিয়ম প্ৰৱৰ্তন কৰিছিল। কিন্তু সময় সলনি হোৱাৰ লগে লগে এইসমূহ নিয়ম নোহোৱা হৈ যোৱা দেখিবলৈ পোৱা গৈছে। মহাৰাষ্ট্ৰত যদিহে এই নিয়ম কাৰ্যকৰী হয়, তেন্তে মহাবিদ্যালয়সমূহক এই নিয়ম অনুসৰণ কৰিবলৈ চৰকাৰে বাধ্য কৰিব পাৰেনে সেয়াহে হ'ব লক্ষণীয়।