মুখ্য-পৃষ্ঠা

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিত পেটেলক তথ্য আয়োগৰ জাননী

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ গৱৰ্ণৰ উৰ্জিত পেটেললৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী। ইচ্ছাকৃতভাৱে ঋণ পৰিশোধ নকৰাসকলৰ তালিকা প্ৰকাশ নকৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তথ্য আয়োগে পেটেললৈ প্ৰেৰণ কৰে এই জাননী। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ 'উপেক্ষা' কৰা বুলি উল্লেখ কৰি তথ্য আয়োগে গভৰ্ণৰগৰাকীক ভৎৰ্সনাও কৰে।

ইয়াৰ লগতে অনাদায় হৈ থকা ঋণ সন্দৰ্ভত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনৰ চিঠি ৰাজহুৱা কৰিবলৈকো পেটেলৰ লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু বিত্ত মন্ত্ৰণালয়ক নিৰ্দেশ প্ৰদান কৰে আয়োগে।

উল্লেখ্য যে বেংকৰ পৰা ৫০ কোটি বা ততোধিক মূল্যৰ ঋণ লৈ ইচ্ছাকৃতভাৱে পৰিশোধ নকৰা লোকসকলৰ নাম প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছিল দেশৰ কেন্দ্ৰীয় বেংকটোক। শীৰ্ষ আদালতৰ নিৰ্দেশ সত্বেও বেংকটোৱে সেয়া অমান্য কৰাৰ পৰিপ্ৰেক্ষিততে আয়োগে গভৰ্ণৰগৰাকীলৈ প্ৰেৰণ কৰে কাৰণ দৰ্শোৱাৰ এই জাননী।

আয়োগে অহা ১৬ নৱেম্বৰৰ ভিতৰত গৱৰ্ণৰগৰাকীক জাননীৰ প্ৰত্যুত্তৰ দিবলৈকো নিৰ্দেশ প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰা সত্বেও তেওঁক কিয় জৰিমনা বিহা নহ'ব সেই উত্তৰো জানিব বিচাৰিছে আয়োগে।