মুখ্য-পৃষ্ঠা

বিচিত্ৰ সংসাৰ! কাৰাগাৰৰ পৰাই বিবাহ বিচ্ছেদৰ যো-জা কন্যাহন্তা স্বামী-স্ত্ৰীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশবাসীয়ে তেওঁলোকক হত্যাকাৰী বুলিয়েই জানে। এলাপেছা হত্যাকাৰী নহয়, কন্যা হত্যাকাৰী। কন্যা হত্যাৰ অভিযোগত স্বামী-স্ত্ৰী দুয়ো আৱদ্ধ কাৰাগাৰৰ বন্ধ কুঠৰীত। এসময়ত সংবাদ মাধ্যমৰ ওপৰত চলিছিল দুয়োৰে অবাধ ৰাজত্ব। এতিয়া তেওঁলোক নিজেই সংবাদ মাধ্যমৰ খবৰ।

এবাৰ নহয়, দুবাৰ নহয়, একাধিকবাৰ বিবাহ পাশত আৱদ্ধ হৈছিল সেই বিশেষ হত্যাকাৰী মাতৃ। অন্তিমবাৰৰ বাবে যাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল সেইজনৰ সৈতে একেলগে কাৰাগাৰত সোমাইছিল তেওঁ।

দুয়ো পৃথক কাৰাগাৰত আৱদ্ধ। হত্যাকাৰী সেই মহিলা আছে বাইকুল্লা মহিলা কাৰাগাৰত। স্বামী আছে আৰ্থাৰ ৰোডৰ বন্ধ কুঠৰীত। কেবাবাৰো জামিন বিচাৰি মুখ ঠেকেছাও খাইছে দুয়ো। মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনাও এই মুহূৰ্তত প্ৰায় শূন্য।

জেলত পৃথকে থকাৰ পিছতো পিটাৰ মুখাৰ্জীৰ পত্নী হৈ থাকিবলৈ আৰু মন নাই কন্যা হন্তা ইন্দ্ৰানী মুখাৰ্জী। সেয়ে কাৰাগাৰৰ পৰাই স্বামী পিটাৰেৰে বিবাহ বিচ্ছেদ বিচাৰি মঙলবাৰে আদালতত আবেদন জনাইছে ইন্দ্ৰানীয়ে।

সম্পৰ্ক পুনৰ চলাই নিয়াতো অসম্ভৱ বুলি উল্লেখ কৰি যোৱা এপ্ৰিল মাহতে কাৰাগাৰত আৱদ্ধ স্বামী পিটাৰলৈ বিচ্ছেদৰ জাননীও প্ৰেৰণ কৰিছিল ইন্দ্ৰানীয়ে। উল্লেখ্য যে ২০১২ চনৰ এপ্ৰিলত কন্যা শ্বিনা বৰাক স্বামী পিটাৰ আৰু প্ৰাক্তন স্বামী সঞ্জীৱ কুমাৰ খান্নাৰ লগতে আন কেবাজনো সহযোগীৰ সৈতে মিলি হত্যা কৰিছিল ইন্দ্ৰানীয়ে।

হত্যাকাণ্ডৰ প্ৰায় ৩ বছৰ পিছত ২০১৫ চনত সমগ্ৰ ঘটনা পোহৰলৈ অহাত দেশজুৰি সৃষ্টি হয় তুমুল চাঞ্চল্যৰ। পৰৱৰ্তী সময়ত তদন্তৰ অন্তত আনসকলৰ সৈতে কাৰাগাৰলৈ যাবলগীয়াত পৰে ইন্দ্ৰানী মুখাৰ্জী।