মুখ্য-পৃষ্ঠা

বিসাক্ত সাপৰ সৈতে বন্ধুত্ব কৰা কোন এই বিশেষ ব্যক্তি…

asomiyapratidin

ডিজিটেল ডেস্ক : নিজৰ জীৱনক বিপদত ৰাখি সমাজ সেৱা কৰা এগৰাকী লোক । নিজৰ জীৱন বিপদ শংকাত ৰাখি সমাজ সেৱা কৰা লোক খুৱ কমেই পোৱা যায় । এনে এজন ব্যক্তি হৈছে বেটমাৰ ৰাম নিবাস দাউ । জানিব পৰা অনুসৰি দাউৱে বিভিন্ন জনৰ ঘৰত, ব্যক্তিগত প্ৰতিষ্ঠানত,পথাৰ আদিত ওলোৱা বিভিন্ন ধৰনৰ বিসাক্ত সাপ তেওঁ ধৰি জংঘল তথা নিৰাপদ স্থানত জীৱন্তে ধৰি আনে ।

তেওঁ বৰ্তমানলৈকে কিং কোব্ৰা, ডিভাড, অজগৰ,চিতৱাল,ধামান, বাটৰ মোকবিনৰ দৰে ১৫০৯ বিধ প্ৰজাতিৰো অধিক বিষাক্ত সাপ ধৰি বিভিন্ন ধৰনৰ লোকৰ জীৱন ৰক্ষা কৰিছে ।ইপিনে ইন্দোৰ জিলাৰ বেতমা নগৰৰ বাসিন্দা ৰামনিবাস দাউ এজন সামাজিক কৰ্মী হিচাপেই নহয় তেওঁ এগৰাকী প্ৰকৃতি প্ৰেমী আৰু প্ৰাক্তন মহানগৰ পৰিষদৰ সভাপতি । মানুহে তেওঁক স্নেক মেন হিচাপে জানে।

তেওঁ কেৱল সাপ ধৰাই নহয় সাপ সমূহক সুকলমে জংঘলত এৰি দিয়ে। তেওঁ এই কামৰ বাবে ২৪ ঘণ্টাৰ বাবে সাজু হৈ থাকে । তেওঁক সাপ ধৰিবলৈ ইন্দোৰলৈ মাতি নিয়া হয়।উল্লেখ যোগ্য যে তেওঁ এনেধৰনৰ কামবোৰ বিনামূলীয়াকৈ কৰে বুলি জানিব পৰা গৈছে ।

এই বিশেষ ব্যক্তি গৰাকী এইবাবে বিশেষ যে তেওঁক যদি কোনোবাই সাপ ধৰাৰ টকা পৰিশোধ কৰে । তেনেহ'লে সেই টকা তেওঁ নিজৰ বাবে নাৰাখি দৰিদ্ৰ পৰিয়ালৰ ছোৱালী সকললৈ প্ৰেৰণ কৰে । দৰিদ্ৰ ছোৱালী সকলৰ পঢ়াৰ সামগ্ৰী ক্ৰয় কৰিবলৈ তেওঁ কণ্যাশালালৈ প্ৰেৰণ কৰে সাপ ধৰি পোৱা ধন বোৰ ।