মুখ্য-পৃষ্ঠা

উৰন্ত বিমানতে চিগাৰেট জ্বলালে যাত্ৰীয়ে, ধৰা পৰি বিমান কৰ্মীক উৎকোচ দিয়াৰ চেষ্টা

asomiyapratidin

ডিজিটেল ডেস্কঃ চিগাৰেট হুপাটো এক প্ৰকাৰৰ নিচা। কোনো লোকৰ যদি চিগাৰেট হুপাটো অভ্যাসত পৰিণত হয় তেন্তে সেই ব্যক্তিজনৰ বাবে এই অভ্যাসৰ পৰা আঁতৰাবলৈ বহু কঠিন হৈ পৰে। যেতিয়া কোনো লোকৰ চিগাৰেট হুপিবলৈ মন যায়, তেতিয়া যিকোনো প্ৰকাৰে তেওঁ চিগাৰেট হুপিবই। কিন্তু মাজে সময়তে চিগাৰেট হুপা বহু ব্যক্তিয়ে পাহৰি যায় যে, তেওঁ কোন স্থানত চিগাৰেট হুপিছে।

তেনে এজন ব্যক্তিয়ে চিগাৰেট হুপিলে এখন যাত্ৰীবাহী বিমানত। যাৰ বাবে তেওঁৰ বিৰুদ্ধে লোৱা হ'ল কঠোৰ ব্যৱস্থা। বৃহস্পতিবাৰে গোৱাৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰি থকা এখন ইণ্ডিগ'ৰ ৬ ই ৬৩৭ বিমানৰ শৌচালয়ত এজন যাত্ৰীয়ে হুপিলে চিগাৰেট। আৰু তাৰ পাছতেই বিমান কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰিলে ব্যৱস্থা।

আকাশমাৰ্গত থকা সময়তে নৰেন্দ্ৰ সিং নামৰ এই যাত্ৰীগৰাকীয়ে বিমানখনত দিল্লী অভিমুখে গৈ থকা সময়তে চিগাৰেট জ্বলাইছিল। যিটো বিমান উৰণৰ সময়ত অতি বিপদজনক। এই কথা বিমান কৰ্মীসকলে গম পাই তেওঁক বাধা দিয়ে। চিগাৰেট হুপি অপৰাধ কৰা যাত্ৰীজনে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা নল'বলৈ উৎকোচ দিয়াৰ চেষ্টা কৰে।