বিশ্বৰ ভিতৰতে সৰ্বাধিক নিযুক্তি হয় ভাৰতীয় সেনাত
বিশ্বৰ ভিতৰতে সৰ্বাধিক নিযুক্তি হয় ভাৰতীয় সেনাত 
মুখ্য-পৃষ্ঠা

বিশ্বৰ ভিতৰতে সৰ্বাধিক নিযুক্তি হয় ভাৰতীয় সেনাত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃভাৰতৰ প্ৰতিৰক্ষা বিভাগে বিশ্বৰ ভিতৰতে সৰ্বাধিক সংস্থাপনৰ বাট মুকলি কৰে। নিযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিৰক্ষা বিভাগ বিশ্বৰ ভিতৰতে শীৰ্ষত । এই দাবী ভাৰত চৰকাৰ অথবা কোনো ভাৰতীয় সংস্থাৰ দাবী নহয়, এই দাবী এটা জাৰ্মান প্ৰতিষ্ঠানৰ।

ষ্টেটিষ্টা নামৰ জাৰ্মান সংস্থাটোৱে এই তথ্য প্ৰকাশ কৰিছে। এই সংস্থাটোৱে দীৰ্ঘদিনৰ পৰা বিশ্বৰ বিভিন্ন ক্ষেত্ৰক কেন্দ্ৰ কৰি বিভিন্ন বিষয়ত তথ্য আগবঢ়াই আছে।

এই সংস্থাই এক প্ৰতিবেদনত উল্লেখ কৰিছে যে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় বিশ্বৰ সৰ্ববৃহৎ নিয়োগকৰ্তা। সংস্থাটোৰ মতে আমেৰিকা আৰু আৰু চীন ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

ষ্টেটিষ্টাৰ মতে ভাৰত চৰকাৰে প্ৰতিৰক্ষা বিভাগত ২৯.২ লাখ লোকক নিযুক্তি দিছে। এই নিযুক্তি প্ৰতিৰক্ষা বিভাগৰ বায়ু সেনা, স্থল সেনা আৰু নৌ সেনাত দিয়া হৈছে। আনহাতে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ২৯.১ লাখ লোকক নিযুক্তি দিয়াৰ বিপৰীতে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে ২৫ লাখ লোকক নিযুক্তি দিছে।

প্ৰতিবেদন অনুসৰি বিশ্বৰ ভিতৰতে আমেৰিকান কোম্পানী ৱালমাৰ্টৰ সৰ্বাধিক কৰ্মচাৰী আছে। ৱালমাৰ্টে ২.৩ নিযুত লোকক নিযুক্তি প্ৰদান কৰিছে। একে সময়তে আমাজনৰ ১৬ লাখ কৰ্মচাৰী আছে। আমাজনো হৈছে এটা আমেৰিকান কোম্পানী।

ষ্টকহম আন্তৰ্জাতিক শান্তি গৱেষণা প্ৰতিষ্ঠানৰ (এছআইপিআৰআই) মতে সৰ্বাধিক সামৰিক ব্যয়ৰ ক্ষেত্ৰত আমেৰিকা শীৰ্ষত আছে। ইয়াৰ পিছত আছে চীন আৰু তাৰ পিছতেই ভাৰত। তথ্য অনুসৰি ২০২১ চনত আমেৰিকাৰ সামৰিক ব্যয় আছিল ৮০১ বিলিয়ন ডলাৰ।

একে সময়তে, চীনে সেনাৰ বাবে ব্যয় কৰিছে ২৯৩ বিলিয়ন ডলাৰ আৰু ভাৰতে ৭৬.৬ বিলিয়ন ডলাৰ ব্যয় কৰিছে। ভাৰতে ৪ বছৰৰ পূৰ্বে ২০১৮ ত সামৰিক ব্যয়ৰ ক্ষেত্ৰত আছিল বিশ্বৰ ভিতৰত পঞ্চম স্থানত।