মুখ্য-পৃষ্ঠা

১জুনৰ পৰা চলিব ৰে’ল, আজিৰে পৰা আৰম্ভ টিকট বুকিংঃ অসমলৈ শতাব্দী, ব্ৰহ্মপুত্ৰ মেইলৰ লগতে লোকমান্য এক্সপ্ৰেছ…

asomiyapratidin
  • ১জুনৰ পৰা ভাৰতত আৰম্ভ হব ১০০খন নন–এচি ৰে'লৰ চলাচল।
  • নিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই পূৰ্বৰে পৰা চলি থকা শ্ৰমিক স্পেচিয়েল ৰে'ল আৰু ১৫খন ৰাজধানী ৰে'লৰ উপৰি চলোৱা হ'ব এই ১০০খন ৰে'ল।
  • বৃহস্পতিবাৰে পুৱা ১০বজাৰে পৰা ৰেলৰ বুকিং আৰম্ভ হৈছে।
  • এই ৰে'লৰ এডভাঞ্চ ৰিজাৰ্ভেচন পিৰিয়ড ৩০ দিনৰ হ'ব। অৰ্থাৎ যাত্ৰীয়ে ১ মাহৰ পূৰ্বে টিকট বুকিং কৰিব পাৰিব
  • এই ১০০খন ৰে'লৰ ভিতৰত মুখ্যতঃ গোৰখপুৰৰ পৰা মুম্বাইলৈ যাবলগীয়া কুশীনগৰ এক্সপ্ৰেছ, লক্ষ্ণৌ মেইল, প্ৰয়াগৰাজ এক্সপ্ৰেছ, কোণাৰ্ক এক্সপ্ৰেছ, শিৱগংগা এক্সপ্ৰেছ আদি।
  • অসমত চলিব শতাব্দী আৰু লগতে আহিব ব্ৰহ্মপুত্ৰ মেইল, লোকমান্য এক্সপ্ৰেছ
    ষ্টেচনত থকা দোকান খুলিব পাৰিব বুলিও এক নিৰ্দেশনা জাৰি কৰিছে ৰেলৱে বিভাগে।