মুখ্য-পৃষ্ঠা

ভাৰতীয় ৰেল বিভাগে পুৰণি আৰু অব্যৱহৃত সামগ্ৰী বিক্ৰী কৰি লাভ কৰিলে ৩৫হাজাৰ কোটিৰো অধিক ধন…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰেল বিভাগে লাভ কৰিলে এক বৃহৎ পৰিমানৰ ধনৰাশি। অৱশ্যে এই ধনৰাশি যাত্ৰীসকলৰ পৰা লাভ কৰা নাই বিভাগটোৱে। ৰেলৱে বিভাগে আৰ টি আইৰ এক আৱেদনৰ উত্তৰত জাৰি কৰা তথ্য অনুসৰি, বিভাগটোৱে পেলনীয়া আৰু পুৰণি অব্যৱহৃত সামগ্ৰীৰ পৰা ১০ বছৰত প্ৰায় ৩৫,০৭৩ কোটি টকা ধন লাভ কৰিছে। ৰেল মন্ত্ৰণালয়ে যোৱা ১০ বছৰৰ ভিতৰত এই পেলনীয়া আৰু পুৰণি অব্যৱহৃত সামগ্ৰীসমূহ বিক্ৰী কৰি বিভাগটোৱে লাভ কৰিছে এই ধন।

বিভাগটোৱে সদৰী কৰা অনুসৰি,২০০৯-১০বৰ্ষৰ পৰা ২০১৩-১৪ বৰ্ষলৈ এই পাঁচ বছৰত যিমান সামগ্ৰী তেওঁলোকে বিক্ৰীকৰিলে তাৰ তুলনাত ২০১৪-১৫ৰ পৰা ২০১৮-১৯ বৰ্ষলৈ এই পেলনীয়া আৰু অব্যৱহৃত সামগ্ৰীবিক্ৰী কৰি লাভ কৰা ধনৰ পৰিমান কম।