ক’ভিডক লৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ নতুন নিৰ্দেশনা
ক’ভিডক লৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ নতুন নিৰ্দেশনা 
মুখ্য-পৃষ্ঠা

ক’ভিডক লৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ নতুন নিৰ্দেশনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিডক লৈ জাৰী কৰা হৈছে নতুন নিৰ্দেশনা। ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে জাৰী কৰিছে নতুন নিৰ্দেশনা। বিশ্বত BF-7 ভেৰিয়েণ্টক লৈ ১০ টাকৈ নতুন নিৰ্দেশনা জাৰী কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে।

এই নিৰ্দেশনাসমূহ হ’ল-

  • ৰাজহুৱা স্থানত গ’লেই পৰিধান কৰক মাস্ক

  • সামাজিক দূৰত্ব বৰ্তাই ৰাখক

  • ঘনাই চাবোনেৰে হাত ধোঁৱক

  • ছেনিটাইজাৰ ব্যৱহাৰ কৰক

  • ৰাজহুৱা স্থান পৰাপক্ষত পৰিত্যাগ কৰক

  • বিয়া-সবাহ, যিকোনো সমাগম হোৱা অনুষ্ঠান আদি ত্যাগ কৰক

  • আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ পৰিত্যাগ কৰক

  • জ্বৰ-চৰ্দি, কাঁহ, কফ, ডিঙিৰ চেৰচেৰণি, সঘনাই শৌচ হ’লে লগে লগে চিকিৎসকৰ কাষ চাপক

  • ক’ভিডৰ ভেকচিন তথা প্ৰিক’চিনেৰী ড’জ শীঘ্ৰেই গ্ৰহণ কৰক

  • চৰকাৰী সকলো নিৰ্দেশনা মানি চলক।