মুখ্য-পৃষ্ঠা

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক লৈ অপমানসূচক টুইট কৰি শেহতীয়াকৈ বিৰ্তকত সোমাই পৰিছে বলিউদৰ সংগীত পৰিচালক বিশাল ডাডলানী। যোৱা ১৮ নৱেম্বৰত দিনৰ ১২.০৮ বজাত সংগীত পৰিচালকগৰাকীয়ে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কটাক্ষ কৰি কৰিছিল এটা টুইট। টুইটটোত বিশাল ডাডলানীয়ে লিখিছে.' বিদায়, প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈ। আশা কৰিছো, দেশৰ উচ্চতম ন্যায়ালয়ত আপুনি কৰা ঘৃণিত কাৰ্য আৰু কাপুৰুষালিবোৰ হজম কৰিব পাৰিব।'

ডাডলানিৰ এই পোষ্টৰ পাছতে সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ হৈছে। বহুলোকে ডাডলানিক এই টুইটৰ বাবে সমালোচনাৰে থকা-সৰকা কৰা বিপৰীতে একাংশই তেওঁক সমৰ্থনো আগবঢ়াইছে।

ইফালে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীক এনে অপমানসূচক মন্তব্য কৰাৰ বাবে বিশাল ডাডলানীক ইণ্ডিয়ান আইডলৰ বিচাৰক পদৰ পৰা বহিষ্কাৰ কৰাৰো দাবী তুলিছে। লগতে সংগীত পৰিচালক গৰাকীক দেশৰ ন্যায় ব্যৱস্থাক অপমান কৰাৰ অপৰাধত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।