মুখ্য-পৃষ্ঠা

ভাৰতৰ এক ইঞ্চিও মাটি দখল কৰিব নোৱাৰে শত্ৰুয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ লাডাখৰ ভাৰত-চীন সীমান্তত ভাৰতৰ ভূমিত চীনৰ অগ্ৰাসনক লৈ এইবাৰ মুখ খুলিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয়, ভাৰতৰ এক এক ইঞ্চি ভূমি ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সৰ্তক দৃষ্টি আছে। আমি দৃঢ়ভাৱে কব পাৰো ভাৰতৰ মাটিত কোনো প্ৰৱেশ কৰিব নোৱাৰে।

তেওঁ লগতে কয়, – চীনৰ কিছু কামৰ সৈতে মোকাবিলা কৰিবলৈ লডাখত সেনা আৰু কুটনৈতিক কাম কাজ অব্যাহত আছে। আৰু ভাৰতৰ মাটি বচাবলৈ ভাৰত প্ৰতিৰক্ষা বল আৰু সকলোৰে মাজত থকা একতাই যথেষ্ট।