মুখ্য-পৃষ্ঠা

চীনৰ পৰা ১১২ গৰাকী ভাৰতীয় নাগৰিকক লৈ দিল্লী পালেহি বায়ু সেনাৰ বিমান…

asomiyapratidin

ডিজিটেল ডেস্কঃ চীনত আৱদ্ধ হৈ থকা শতাধিক ভাৰতীয় নাগৰিকক লৈ বৃহস্পতিবাৰে পুৱাই দিল্লী বিমানবন্দৰত উপস্থিত হয় ভাৰতীয় বায়ু সেনাৰ বিমান চি১৭ গ্লোবমাষ্টাৰ। বুধবাৰে চীনলৈ উৰা মৰা ভাৰতীয় বায়ু সেনাৰ বিমানখনে কোৰোনা ভাইৰাছে জুৰুলা কৰা দেশখনৰ পৰা ১১২ গৰাকী ভাৰতীয় নাগৰিকৰ লগতে ৩৬ গৰাকী বিদেশী নাগৰিকক সুকলমে চীনৰ পৰা উলিয়াই আনে। বৃহস্পতিবাৰে ৬.৩০ বজাত দিল্লী বিমানবন্দৰত অৱতৰণ কৰা বিমানখনৰ সকলো যাত্ৰীক স্বাস্থ্য পৰীক্ষাৰ বাবে বায়ুসেনাৰ বিশেষ শিবিৰলৈ লৈ যোৱা হৈছে।

ইফালে জাপানৰ জাহাজত আৱদ্ধ হৈ থকা ১১২ গৰাকী ভাৰতীয় নাগৰিক আৰু ৫ গৰাকী বিদেশী নাগৰিককো বৃহস্পতিবাৰে পুৱাই ভাৰতলৈ লৈ আহে এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানে। এই কাৰ্যৰ বাবে, এয়াৰ ইণ্ডিয়াক বিদেশ মন্ত্ৰী এছ জয়শংকৰে ধন্যবাদ জ্ঞাপন কৰে।