মুখ্য-পৃষ্ঠা

আমাৰ সেনা জোৱানেই দেশৰ ক্ষমতা বৃদ্ধি কৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দীপাৱলী উদযাপনৰ বাবে উপস্থিত হয় লংগেৱালা। প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনা জোৱানসকলক সম্বোধন কৰি কয় যে, আজি ভাৰতৰ শক্তি আছে আৰু সঠিক প্ৰত্যুত্তৰ দিয়াৰ ৰাজনৈতিক ইচ্ছা শক্তিও। আমাৰ সেনা বাহিনীৰ শক্তিয়ে দেশক কথা কোৱাৰ ক্ষমতা বৃদ্ধি কৰিলে।

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে, আজি ভাৰতে সন্ত্ৰাসবাদীৰ ঘৰত সোমাই আক্ৰমণ কৰে। এতিয়া সমগ্ৰ বিশ্বই বুজিছে যে, ভাৰতে কোনো পধ্যেই দেশৰ হিতৰ সৈতে বুজাবুজি নকৰে। ভাৰতৰ এই শক্তিৰ মূল কাৰণ আমাৰ দেশৰ জোৱানসকলেই।