মুখ্য-পৃষ্ঠা

আগন্তুক দুই-তিনি ঘণ্টাৰ ভিতৰত প্ৰকৃতিয়ে ল’ব পাৰে ভয়ানক ৰূপ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে দেশৰ কেইবাখনো ৰাজ্যত প্ৰলয়ংকাৰী আমফানে চুই যোৱাৰ পাছত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ প্ৰদান কৰিছে আন সৰ্তকবাণী। কেন্দ্ৰই সৰ্তকবাণী প্ৰদান কৰিছে যে, অনাগত দুই-তিনি ঘণ্টাৰ ভিতৰত প্ৰকৃতিয়ে ল'ব পাৰে ভয়ানক ৰূপ।

দেশ কেইবাটাও অঞ্চল প্ৰৱল বৃষ্টিপাত-ধুমুহাই কপাঁই যোৱাৰ সংকেত প্ৰদান কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে দেশৰ সেই ১০টা অঞ্চললৈ সৰ্তকবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। জিন্দ, আলীগড়, নৰোৰা, সহসৱান, এটাহ, চোন্দাস, অমৰোহা, মুৰাদাবাদ, চম্বল, বদায়ুকে ধৰি ১০টা অঞ্চলত বাস কৰা সকলো লোকক সাৱধাননে থাকিবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ।