মুখ্য-পৃষ্ঠা

টি-২০ বিশ্বকাপত পাকিস্তানৰ বিজয়ত উল্লাসিত তিনি ছাত্ৰক বহিষ্কাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচৰ পাৰ্শ্বক্ৰিয়া শেষ হোৱা নাই। দেশৰ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ লগতে দেশৰ নাগিৰক এই মেচৰ পৰাজয়ৰ বেদনাত দগ্ধ হৈ থকাৰ সময়তে একাংশ দেশৰে নাগৰিকে পাকিস্তানক সমৰ্থন কৰি যেন একুৰা জুইত ঘিঁউ হে ঢালি দিছে।

শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ সেই মেচখনক সমৰ্থন কৰা তিনিজন কাশ্মীৰি ছাত্ৰক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। জানিব পৰা মতে আগ্ৰাৰ ৰাজা বলৱন্ত সিং অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কাশ্মীৰৰ তিনি ছাত্ৰই পাকিস্তানৰ বিজয়ত উল্লাসিত হৈ হোৱাটছএপত বিশেষ ষ্টেটাছ দিছিল।

এই বিষয়ে অৱগত কৰাৰ পাছতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই তিনি ছাত্ৰক অনুশাসনহীনতা কাৰ্য বুলি অভিহিত কৰি তেওঁলোকক বহিষ্কৃত কৰিছে। বহিষ্কৃত ছাত্ৰ তিনিজন আৰ্ছিদ ইউচেফ, ইনায়াত আলতাফ শ্বেখ আৰু ছৌকত আহমেদ। এই তিনিওজন ছাত্ৰ প্ৰধানমন্ত্ৰীৰ ছুপাৰ স্পেচিয়েল আঁচনিৰ অধীনত অধ্যয়ন কৰি আছিল।

ইতিমধ্যে মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ কেইগৰাকীৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তো অৱগত কৰিছে। আনহাতে বিজেপি যুৱ শাখাৰ স্থানীয় নেতাসকলেও ছাত্ৰ তিনিগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ তৰিছে। আৰক্ষীয়েও এই গোচৰক গুৰুত্বসহকাৰে লৈ দেশক অপমান কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাইছে।