মুখ্য-পৃষ্ঠা

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিনৰ খতিয়ান, কি ক’লে কেন্দ্ৰীয় বিদেশ মন্ত্ৰীগৰাকীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিদেশ মন্ত্ৰীএছ জয়শংকৰে প্ৰধানমন্ত্ৰী মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যাকালৰ ১০০ দিনৰ কাম-কাজৰ খতিয়ানজাৰি কৰা বুলি জনাইছে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু আমেৰিকাৰ সুসম্পৰ্ক আৰুঅধিক বৃদ্ধি পাইছে।

এছ জয়শংকৰে কয়- 'মই আপোনালোকক আশ্বাস দিছো যে, দুয়োখন দেশৰ সম্পৰ্ক বৰ্তমানবহু ভাল। বিদেশ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, দেওবাৰে হিউষ্টনত মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ডট্ৰাম্পে 'হাওডী, মোডী!' কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে উপস্থিতথাকিব আৰু এয়া আমাৰ বাবে গৌৰৱৰ কথা।

ইফালে,কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিনত কিকি কাম-কাজ কৰিলে এই সন্দৰ্ভত জনায়। তেওঁ কয় যে চৰকাৰৰ উপলব্ধি ৰাষ্ট্ৰীয়নিৰাপত্তা সুনিশ্চিত কৰাতোহে। 'ভাৰতৰ কথা এতিয়া সমগ্ৰ বিশ্ববাসীয়ে শুনিবলৈ লৈছে।লাগিলে সেয়া জি-২০ হওঁক বা জলবায়ু সন্মিলনতেই হওঁক।'- সংবাদমেলত এই মন্তব্য কৰেকেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

মালদ্বীপ,শ্ৰীলংকা, ভূটাৰ দৰে চুবুৰীয়া দেশসমূহত গৈছে প্রধানমন্ত্ৰী মোডী। প্ৰধানমন্ত্ৰীৰএই ভ্ৰমণসূচীৰ সময়ত চুবুৰীয়া এই দেশ কেইখনৰ সৈতে ব্যৱসায়িক সম্বন্ধ আৰু নাগৰিকসকলৰসৈতে সম্পৰ্ক অধিক ভাল কৰাৰ ওপৰত কাম কৰা হৈছিল।