মুখ্য-পৃষ্ঠা

‘অভ্যাস’ৰ সফল পৰীক্ষণ…

asomiyapratidin

ডিজিটেল ডেস্ক: ভাৰতে বুধবাৰে উৰিষ্যাৰ চান্দিপুৰৰ আইটিআৰৰ পৰা স্বদেশী ভাৱে বিকশিত উচ্চ গতিৰ উন্নত মানৱবিহীন বিমান 'অভ্যাস'ৰ সফল পৰীক্ষণ কৰে। এক বিবৃতিৰ জৰিয়তে এই তথ্য দাঙি ধৰা হয়।

বিবৃতিটোত কোৱা হয় যে বিমানখনে কম উচ্চতাত উৰা মাৰিছিল, আৰু ই পিছতো বাহাল আছিল। এই পৰীক্ষণৰ আই টি আৰ নিয়োজিত  ৰেডাৰ আৰু ইলেক্ট্ৰ-অপ্টিকেল টাৰ্গেটিং প্ৰণালীকে ধৰি বিভিন্ন সঁজুলিৰ জৰিয়তে পৰীক্ষাটো নিৰীক্ষণ কৰা হৈছিল। 

ডি আৰ ডি অই অভ্যাসৰ ডিজাইন কৰিছিল আৰু বিকশিতও কৰিছিল। এই বিমানৰ সফল পৰীক্ষণৰ বাবে ডি আৰ ডি অক ধন্যবাদ জনাইছে।