মুখ্য-পৃষ্ঠা

পাকিস্তানৰ সৈতে এলঅ’চি বাণিজ্য বাতিল ভাৰতৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰা এক সিদ্ধান্ত মৰ্মে জম্মু-কাশ্মীৰৰ সীমান্ত এলেকাত ভাৰত-পাকিস্তানৰ মাজত চলা বাণিজ্য বাতিল কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰণালয়ে অহা ১৯ এপ্ৰিল অৰ্থাৎ শুকুৰবাৰৰ পৰাই দুইখন ৰাষ্ট্ৰৰ এলঅ'চিৰ বাণিজ্যিক সম্বন্ধ বাতিল কৰাৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, পাকিস্তানৰ একাংশ ব্যৱসায়ীয়ে দুই ৰাষ্ট্ৰৰ মাজৰ এই সীমান্তৱৰ্তী ব্যৱসায়ৰ জৰিয়তে অবৈধ অস্ত্ৰ শস্ত্ৰ, মাদক দ্ৰব্য আৰু নকল মুদ্ৰাৰ সৰবৰাহ কৰাৰ খবৰ লাভ কৰাৰ পিছতে ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। দীৰ্ঘদিন ধৰি ভাৰত-পাকিস্তানৰ মাজৰ এই ব্যৱসায়ক একাংশ অসাধু লোকে দুস্কাৰ্য্যত ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

আনহাতে এক সূত্ৰৰ পৰা জানিব পৰা মতে, পকিস্তানত আত্মগোপন কৰি থকা একাংশ সন্ত্ৰাসাবীদৰ ঘনিষ্ঠ লোকে এই ব্যৱসায় চলাই আহিছিল। তেনে পৰিস্থিতিত এনে ব্যৱসায়িক সম্পৰ্কৰ দ্বাৰা ভাৰতৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি অহাৰ সম্ভাৱনা বৃদ্ধি পাইছিল। যাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে জম্মু-কাশ্মীৰৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হৈ ছালমাবাদ আৰু চংক্কা-দা-বাগত এলঅ'চি বাণিজ্য বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে।

পৰৱৰ্তীসময়ত এই এলঅ'চি বাণিজ্য সন্দৰ্ভত বিভিন্ন সংস্থাৰ সৈতে পুনৰ আলোচনাত মিলিত হ'ব গৃহ মন্ত্ৰণালয়। তাৰ পিছতহে এলঅ'চি বাণিজ্য মুকলি কৰাৰ বিষয়ে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।