ডিজিটেল ডেস্কঃ বিগত ২৪ঘন্টাত ভাৰতত ৩লাখ ১১হাজাৰ ১৭০গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। এই সময়চোৱাত মৃত্যু হৈছে ৪,০৭৭গৰাকী ৰোগী। ইফালে ভাল খবৰটো হৈছে যে, বিগত ২৪ঘন্টাত ৩লাখ ৬২হাজাৰ ৪৩৭গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে।
ক্লিক কৰি পঢ়কঃ নিশা আঢ়ৈ বজাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশঃ চৰকাৰী চিকিৎসালয়ত নিশাও ডিউটি কৰিব লাগিব জ্যেষ্ঠ চিকিৎসক সকলে..
উল্লেখ্য যে, ভাৰতত এতিয়ালৈকে ১৮কোটি ২২লাখ ২০হাজাৰ ১৬৪গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে। দেশত ৩৬লাখ ১৮হাজাৰ ৪৫৮গৰাকী ৰোগী এতিয়াও চিকিতসাধীন অৱস্থাত আছে। বৰ্তমানলৈ দেশত ২লাখ ৭০হাজাৰ ২৮৪গৰাকী ৰোগীৰ মৃত্যু হৈছে।