মুখ্য-পৃষ্ঠা

আকৌ দেশত ২ লক্ষাধিকৰ দেহত কোভিড পজিটিভ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। এই ভাইৰাছত ২ লক্ষাধিক লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। যোৱা ২৪ ঘন্টাতেই ইমান সংখ্যক লোকৰ দেহত কোভিড-১৯ ধৰা পৰাতো অতিকৈ চিন্তাৰ কাৰণ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ২৪ ঘন্টাত ভাৰতত ২,৩৪,৬৯২জনৰ কোৰোনাত আক্ৰান্ত হৈছে। ইফালে, এই সময়চোৱাত সুস্থ হৈছে ১২৩৩৫৪জন লোক। আনহাতে, মৃত্যু হৈছে ১৩৪১জন লোকৰ।

উল্লেখ্য যে, দেশত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪৫২৬৬০৯জনলৈ বৃদ্ধি পাইছে। আৰু আৰোগ্য হৈ ঘৰলৈ উভতিছে ১২৬৭১২২০জন লোক। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৫৬৪৯জনলৈ বৃদ্ধি পাইছে।