মুখ্য-পৃষ্ঠা

গণৰাজ্য দিৱসত নেপালক ভাৰতে কি উপহাৰ দিলে…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস। নতুন দিল্লীৰ গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচীত অংশ ল'লে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জয়াৰ বোলচোনাৰো। গণৰাজ্য দিৱসৰ দিনা চুবুৰীয়া ৰাষ্ট্ৰ নেপালক ভাৰতে আগবঢ়ালে এক বিশেষ উপহাৰ।

চুবুৰীয়া ৰাষ্ট্ৰখনলৈ ভাৰত চৰকাৰে প্ৰেৰণ কৰা এই উপহাৰ সমূহৰ ভিতৰত আছে ৩০ খন এম্বুলেন্স আৰু ৬খন বাছ। দেশৰ বিভিন্ন প্ৰান্তত আয়োজিত গণৰাজ্য দিৱসৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

লক্ষ্ণৌত ক্লক টাৱাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে তাৰ সমীপতে 'কা' বিৰোধী প্ৰতিবাদো সাব্যস্ত কৰে একাংশ লোকে। নতুন দিল্লীত এন আৰ চি আৰু 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয় শ্বাহীন বাগত। এই প্ৰতিবাদী কাৰ্যসূচীত যথেষ্ট সংখ্যক প্ৰতিবাদকাৰীয়ে অংশ লয়।