মুখ্য-পৃষ্ঠা

দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত …

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰতিদিনে দেশত বৃদ্ধি পাবলৈ ধৰিছে কোৰোণা সংক্ৰমণ । বিগত ২৪ ঘন্টাত নতুন ৭৫,০৮৩টা কোভিড ৰোগী ধৰা পৰাৰ পিছত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৫৫ লক্ষাধিক হৈছেগৈ। বৰ্তমান ভাৰতত সংক্ৰমণৰ সংখ্যা ৫৫,৬২,৬৬৩ জনলৈ বৃদ্ধি পাইছে ।

২৪ ঘন্টাত ১০৫৩ জনৰ মৃত্যুৰ পিছত সৰ্বমুঠ মৃতকৰ সংখ্যা হয়গৈ ৮৮৯৩৫ জন। দেশত মৃত্যু হোৱা লোকৰ হাৰ ১.৬০ শতাংশ। উল্লেখ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়ামতে ভাৰতত এটা দিনত ১,০১,৪৬৮ লোকে কোৰোণা ভাইৰাছক পৰাজিত কৰি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ পিছত সৰ্বমুঠ সুস্থ প্ৰায় ৪৫ লাখ লোক।

ইয়াৰ জৰিয়তে সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি হৈ হৈছেগৈ ৮০.৮৬ শতাংশ ।মন্ত্ৰালয়ে জানিবলৈ দিয়ামতে বৰ্তমানলৈ কোভিডক প্ৰতিহত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা ৪৪,৯৭,৮৬৭ জন। ইয়াৰে ৭৯ শতাংশ লোকেই নখন ৰাজ্য তথা এখন কেন্দ্ৰীয় শাসিত প্ৰদেশ-মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ,উত্তৰ প্ৰদেশ, তামিলনাডু,উৰিষ্যা,দিল্লী, কেৰেলা, পশ্চিম বংগ আৰু পঞ্জাৱৰ।