মুখ্য-পৃষ্ঠা

ভাৰত-ম্যানমাৰ সীমান্তত দুই দেশৰ সেনাৰ যুটীয়া অভিয়ান, উচ্ছেদ উত্তৰ পূবৰ কেইবাটাও সন্ত্ৰাসবাদী সংগঠনৰ শিৱিৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ সৈতে যুটীয়া অভিযান চলাই ভাৰত-ম্যানমাৰ সীমান্তৰ সন্ত্ৰাসাবাদী সংগঠনৰ ঘাটি উচ্চেদ কৰে। দেওবাৰে ভাৰতীয় সেনাৰ এক সূত্ৰই সদৰি কৰা মতে ভাৰত আৰু ম্যানমাৰৰ সেনাই যুটীয়া অভিযান চলাই মণিপুৰ, মেঘালয়, অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ শিৱিৰ উচ্ছেদ কৰে।

উল্লেখ্য যে, ৩ মাহৰ পূৰ্বেও ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ সহযোগত ইন্দো-ম্যানমাৰ সীমান্তত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটী উচ্ছেদ কৰিছিল। এক সূত্ৰই জানিবলৈ দিয়া মতে, পুনৰ এবাৰ ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ লগ লাগি অপাৰেশ্যন চানৰাইজ-২ নামেৰে অভিযান চলাই কেএলঅ', এনএছচিএন (খাপলাং), আলফা আৰু এনডিএফবিৰ কেইবাটাও ঘাটী উচ্ছেদ কৰে। সূত্ৰটোৱে সদৰি কৰা মতে, এই অভিযানকালত প্ৰায় ৭০ জন নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে।