মুখ্য-পৃষ্ঠা

স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ কাষত থাকিব লগা মহিলা সেনা বিষয়াৰ কোৰোনা পৰীক্ষা সম্পন্ন…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে তিনিটা দিনৰ পাছত উদযাপিত হব স্বাধীনতা দিৱস। দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অন্যান্য সুৰক্ষাৰ লগতে এইবাৰ কোৰোনা ক্ষেত্ৰতো বিশেষ সৰ্তকতা অৱলম্বন কৰিব লগা হৈছে। শেহতীয়াকৈ ৰক্ষা মন্ত্ৰণালয়ে স্বাধীনতা দিৱসত নৰেন্দ্ৰ মোডীৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত কাষতে থকা এগৰাকী মহিলা সেনা বিষয়াৰ কোৰোনা টেষ্ট সম্পন্ন কৰে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰাৰ পূৰ্বে পতাকাৰ ৰচীডাল প্ৰধানমন্ত্ৰীৰ হাতত দি দিব এই মহিলা সেনা বিষয়াগৰাকীয়ে। এইবাৰৰ দিল্লীৰ লালকিল্লাত পূৰ্বৰ দৰে পৰিৱেশ দেখা নাযাব। মাত্ৰ ১১০গৰাকী VVIP-VIPৰ উপস্থিতিত পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰীয়ে।